| 
হাইকু! | 
১)তিনিআলিৰ সিপাৰে তাই থাকে,
পুৱা উঠি বাহি গাৰে চোঁতাল সৰাৰ দৃশ্যত
খুলি পৰিব খোজে পদূলিৰ নঙলা।
২)ঘাম লগা বিৰিয়াপাটেৰে উজলি উঠিছে তাৰ গাটো,
ৰহিমলাৰ বুকু বিন্ধি পাৰ হৈ যায় যেন
বিৰিয়াপাটৰ একোটি খোঁচ।
৩)যোৱাবেলি ডিক্রঙে ভাঙিছিল তাইৰ ঘৰ,
এতিয়া তাই ভাঙে
ডিক্রঙৰ পাৰৰ হাজাৰখন হৃদয়।
৪)ক্রমাত নিলাজ হৈ পৰিছে আপোনাৰ আশাবোৰ,
সিদিনা সন্ধ্যা যে কৈছিল
ডিক্রঙে মঠাউৰি ভাঙি নিব খোজাৰ কথা!
হাইকু হৈছেনে নাই নাজানো। চেষ্টা কৰি চাইছিলো। ভুল হ'লে ৰাইজে সুধৰাই দিব।
আদিত্য
২৫ নৱেম্বৰ'১২

 
