Monday, October 15, 2012

ঐককেন্দ্রিক

খিড়িকীখন লাহেকৈ হেচুকি খুলি দিলে সি।অলপ ঠাণ্ডা বতাহ সোমাই অহা যেন লাগিল।যোৱাকালিৰে পৰা জ্বৰ তাৰ।এই ডিচেম্বৰ মাহৰ ঠাণ্ডাটো যে!হঠাতেই বেমাৰী কৰি তুলিব পাৰে মানুহক।

চিগাৰেট বাকী আছেগৈনে বাৰু!পৰহিয়েই আনিছিল পেকেটটো।কালি নীলা আহোঁতেই লুকুৱাই থৈ গৈছিল।তাৰ জ্বৰ কাৰণে বাৰে বাৰে খাবলৈ মানা কৰি গৈছিল তাই।সি আজি পুৱাহে দর্জাৰ চুক এটাত সেইটো বিচাৰি পাইছেগৈ।

খিড়িকীৰ কাষলৈ চকীখন টানি আনি বহি ল’লে।অলপ আৰাম কৰিবৰ বাবে ভৰি দুটা খিড়িকীৰ তলৰফালৰ চৌকাঠটোত উঠাই দিলে।চকীখনে কেৰমেৰাই উঠিল।পুৰণা হৈছে চকীখন,সি ভাবিলে মনতে।লাহে লাহে ঘৰটোৰ চাৰিওফালে চালে সি।ওপৰৰ ফালে মকৰাই জালেৰে জঁট বান্ধিছেগৈ।খিড়িকীখনৰ কাষতেই ফ্রিজটো।খুলি চালে তাত দেখিবলৈ পোৱা যাব এসপ্তাহ আগতেই নীলাই ৰান্ধি থৈ যোৱা ডাইলখনৰ এৰেহাখিনি আৰু পচি যোৱা বিলাহী দুটামান।তাৰ বিচনাখনতেই তাৰ সমস্ত পিন্ধা কাপোৰবোৰ।শোৱাৰ সময়ত সি এতিয়া বহি থকা চকীখনতে লাহেকৈ উঠাই থৈ দিয়ে কাপোৰখিনি।মজিয়াত পৰি আছে আধাখোৱা অসংখ্য চিগাৰেটৰ টুকুৰা।এক কথাত ক’বলৈ গ’লে এক পুতিগন্ধময় পৰিবেশ।

আনদিনা হোৱা হ’লে নীলায়েই চাফা কৰি থৈ গ’লহেঁতেন তাৰ কোঠাটো।কিন্তু যোৱাকালি তাইৰ কিবা কথাত মন বেয়া হৈ আছিল।মাক-দেউতাকৰ মাজত কিবা কাজিয়া লাগিছিল।তাই খঙতে তাৰ কোঠালৈ গুচি আহিছিল।বহুত দেৰীলৈকে কান্দি আছিল তাই।

নীলাৰ দেউতাক অনিৰূদ্ধ ফুকনৰ তলতেই সি কাম কৰে।অনিৰূদ্ধ ফুকনৰ ডাঙৰ ব্যৱসায়,বগাৰ পৰা ক’লালৈকে।কোনো কোনোৱে কয় চহৰৰ আন এজন ডাঙৰ ব্যৱসায়ী মুকুট হাজৰিকাৰ পত্নীৰ হত্যাকাণ্ডত এই অনিৰূদ্ধ ফুকনৰেই হাত আছে।বহুতে আকৌ কয় অনিৰূদ্ধ ফুকন আৰু মুকুট হাজৰিকাৰ পত্নীৰ মাজত পৰকীয়া প্রেম আছিল যাৰ ফলতেই মিচেছ হাজৰিকাই আত্মহত্যা কৰিলে।

সি মাথো শুনি যায় কথাবোৰ।হাঁহি উঠি যায় কেতিয়াবা।সি অৱশ্যে মানুহবোৰৰ ধাৰণাবোৰ নুবুজাওঁ নহয়।সাধাৰণ মানুহবোৰে এইখন ক’লা দুনিয়াৰ কথা ভুকে নাপায়।অনিৰূদ্ধ ফুকনৰ কাৰণে কেইবাটাও হত্যাকাণ্ড কৰিছে।জীতেন মহন্ত চাৰলৈ গুলীটো মাৰোতে তাৰ প্রথমবাৰৰ বাবে হাত কপিছিল।দুখ নে হুমুনিয়াহৰ ভৰ আছিল সেয়া সি নাজানে।বাৰু থাকক সেইবোৰ।কিছুমান সেউজীয়া বসন্ত হৈয়েই থাকি যাওঁক।

হঠাতে তাৰ কোঠাৰ কলিং বেলটো বাজি উঠিল।তেতিয়াহে যেন তাৰ তন্ময়তা ভাগিল।বাওঁহাতেৰে বাওঁপকেটত খেপিয়াই ৯মিঃমিঃ টো উলিয়াই আনিলে।

-আব্বে দর্জা খোল।

ৰফিকৰ মাত সিফালৰ পৰা।তেতিয়াহে সি শান্তি পালে।দর্জাখন খুলি দি সি তাক সোমাই আহিবলৈ দিলে।

-আজি সন্ধিয়া এটা টার্গেত আছে।অনিৰূদ্ধ ফুকনে সম্পূৰ্ণ বিৱৰণ দিব।আবেলি মাতি পঠাইছে তোক।

ৰফিক অনিৰূদ্ধ ফুকনৰ সোঁহাত বুলিব পাৰি।ৰফিক নহ’লে অনিৰূদ্ধ ফুকনৰ ব্যৱসায় অচল।ৰফিক বেছি সময় নৰ’ল।ৰফিকক সি বৰ এটা ভাল নাপায়।নীলাৰ ওপৰত ৰফিকৰো মাজে মাজে চকু,যিটো কথা সি একেবাৰে পচন্দ নকৰে।নীলা তাৰ কোঠালৈ আহি থকা কথাটো ৰফিকে এতিয়ালৈকে গম পোৱা নাই।তাক গম দিব নোৱাৰিও,সি মনতে ভাবিলে।

*************************************************

সময় দহমান বাজিছে।

নীলাহঁতৰ ঘৰত আজি সত্যনাৰায়ণ পুজা।সোনাকলে পুজাখন সামৰি পুজাৰীজন কেতিয়ালৈ ওলাই যায় মিচেছ ফুকনে তাকেহে বাট চাই আছিল।এজন দুজনকৈ মানুহবোৰ লাহে লাহে আহিছেগৈ।মৃদু সংগীতৰ তালে তালে নাচি আছে সত্যনাৰায়ণ।

কটা হাতৰ ব্লাউজটোৰে মিচেছ ফুকনক অপুর্ব লাগিছে আজি।বীৰেণ কলিতা,গুনীন বৰুৱাৰ দৰে কেইবাজনৰো লোলুপ দৃষ্টি যেন তেখেতৰ কটা হাতৰ ব্লাউজত বিলীন হৈহে যাব।পিছে মিচেছ ফুকনৰ তালৈ অকনো ভ্রূক্ষেপ নাই।তেওঁ যেন আজি পখিলাৰ দৰেহে উৰিব।হয়তো কোনেও বিশ্বাস নকৰে যে তেওঁৰ বয়সে চল্লিশটা বসন্ত গৰকিলে।

বীৰেণ কলিতাই লাহেকৈ লেনিয়াই লেনিয়াই মিচেছ ফুকনৰ কাষ পালহি।তেওঁৰ যে নিচা ভালকৈয়ে লাগি আছে ধৰিব পাৰি।উচাত মাৰি আতঁৰি গ’ল মিচেছ ফুকন।

-উফ,কিমান আৰু জলাই মাৰে মিচেছ ফুকন!এদিন আমাকো চগা হৈ মৰিবলৈ সুবিধাকন দিয়ক।

-আপোনাৰ নিচা ধৰিছে কলিতা দা।ঘৰলৈ যাওক।কাইলৈ নহ’লে জলা মুখখনহে আইনাত চাব লাগিব।

ৰিপুণে বহুত দেৰী কৰিছে দেখোন!মিচেছ ফুকনৰ উচ-পিচ লাগিছে।এতিয়ালৈকে সকলো আগতে ঠিক কৰি থোৱামতেই হৈ গৈ আছে।শেষ কামটোহে বাকী আছেগৈ।ৰিপুণৰ লগত কালিয়েই সকলো ঠিক কৰি থৈছে তেওঁ।গোটেই আচনিখন মিচেছ ফুকনেই বনাইছে বুলি ক’ব পাৰি।ৰিপুণে মাত্র শেষ কামটো কৰিব পাৰিলেই হ’ল।

অনিৰূদ্ধ ফুকনৰ গালি শপনি শুনি শুনি অতিষ্ঠ হৈ গৈছে মানুহজনী।সন্দেহেই কৰি ফুৰে অকল।কামৰ অচিলা লৈ চিংগাপুৰত অনিৰূদ্ধ ফুকনে প্রেমলীলা কৰি ফুৰা ফ’ট’ মিচেছ ফুকনে নিজেই দেখা পাইছে।কিমান সহ্য কৰিব আৰু।

কালিয়েই কথা পাতি থোৱা মতে ৰিপুণ আহি কোনোবা এটা পাকত অনিৰূদ্ধ ফুকনৰ পানীয়ৰ গিলাচত বিষখিনি মিহলাই দিব।অনিৰূদ্ধ ফুকনে বেছি কষ্ট খাব নালাগে।খুব বেছি দুই মিনিট।তাৰপাছতে সকলো শেষ।এটা কুটিল হাঁহি ফুতি উঠিল মিচেছ ফুকনৰ মুখত।

বাহিৰলৈ জুমি চাই মিচেছ ফুকনে দেখিলে ৰিপুণ সোমাই আহিছে।ধুনীয়া লাগিছে তাক।ৰঙা কামিজটো আৰু তেৱেঁই তাক উপহাৰ দিয়া ক’লা জিনছ্ পেন্টটো।পেন্টটোৰ পকেটটেই আছে চাগে বিষৰ সেই সৰু টেবলেটটো।

*************************************************

একেদিনাই আবেলি তিনিমান বজাৰ কথা।

অনিৰূদ্ধ ফুকনৰ নিজৰ অফিচৰ কোঠা।চহৰখনৰ বিখ্যাত বিল্ডিং এইচ্.বি.এচ. টাৱাৰৰ সাত নম্বৰ মহলাৰ শীত-তাপ নিয়ন্ত্রিত কোঠা।

বৰ চিন্তাত আছে যেন লাগিচে তেওঁক আজি।মনটো গধুৰ হৈ আছে সেই ফটোবোৰ দেখাৰ পৰাই।ঠিক যেন মুকুট হাজৰিকাই প্রতিশোধ ল’লে তেওঁৰ ওপৰত।মিচেছ ফুকন আৰু হাজৰিকাৰ অশ্লীল ফ’টোবোৰ দেখাৰ পাছৰে পৰাই তেওঁ যেন খঙত ফাটি পৰিব।

কাচঁৰ দুৱাৰৰ ফাঁকেৰে অনিৰূদ্ধ ফুকনে তাক দেখি কলিং বেল বজাই মতাই অনালে।সি দুৱাৰখন খুলি সোমাই আহিল।অনিৰূদ্ধ ফুকনে সন্মুখৰ চকীখনতে তাক বহিবলৈ দিলে আৰু লাহে লাহে ক’লে,

-তোমালৈকে ৰৈ আছিলো।আজি তুমি তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কামটো কৰিব লাগিব।টার্গেট ইজ ভেৰী ডেলিকেট।এইটো লোৱা নাইন মিঃমিঃ,মে’দ ইন জাপান।চাউণ্ডলেছ।জাষ্ট বেং অন দা টার্গেট।

-টার্গেট কোন?

-নান আদাৰ দেন মাই ৱাইফ মিচেছ অৰূণিমা ফুকন।

-কিন্তু চাৰ!

-তুমি নুবুজিবা।তাইৰ পৰকীয়া প্রেমৰ বদনাম আৰু কিমান শুনিম!মই আৰু নোৱাৰো তাইৰ লগত।তুমি ভাগ্যবান।নীলাৰ দৰে এজনী ছোৱালীয়ে পছন্দ কৰিছে তোমাক।

জাষ্ট ফিনিছ দা ৱর্ক এণ্ড কাম বেক চেফ।

*************************************************

আকৌ অনিৰূদ্ধ ফুকনৰ ঘৰত।

নীলাই উচ-পিচ লগাই আছে।সি এতিয়াও আহি পোৱা নাই।কালিয়েই তাই তাক কৈ আহিছিল সোনকালে আহিবলৈ।তাই তালৈ এবাৰ মবাইলত ডায়েল কৰিও চালে।বন্ধ কৰি থৈছে দেখোন।

পুজাৰ নামত মাক-দেউতাকৰ এইবোৰ বহুৱালী নীলাৰ লাহে লাহে অসহ্য লগা হৈছেগৈ আৰু।তাই যেন তাক লৈ কোনোবা এটা নিশা উৰি গুচিহে যাবগৈ কৰবালৈ।মাক-দেউতাকৰ দৰে জীৱন এটা তাই কেতিয়াও নিবিচাৰে।সি তাইক আশ্বাস দিছে সি কিবা এটা কৰিব বুলি।সি মাত্র দুদিনমান সময় বিচাৰিছে।

এইবোৰকে ভাবি ভাবি তাই ঘৰৰ আগফাল পালেহি।মানুহ এতিয়াও এটা দুটাকৈ আহিয়েই আছে।পুজা বুলি অহা নাই অৱশ্যে,মদিৰা উৎসৱ বুলিহে আহিছে।

তেনেকুৱাতে তাই ৰিপুণক আহি থকা দেখা পালে।

-ৰিপুণদা আঁহা।আমি তোমালৈ বাট চাইয়েই আছিলো।মায়েও বিচাৰি আছিল তোমাক।

এইবুলি তাই ৰিপুণক সাবটি ধৰি আদৰণি আলিংগন এটা জনালে।

ৰিপুণক ভিতৰলৈ পঠিয়াই নীলা বাহিৰতে থিয় দি থাকিল।তাইৰ ইচ্ছা নগ’ল ভিতৰৰ দৃশ্যবোৰ চাবলৈ।ৰিপুণৰ ক’লা জিনছৰ বাওঁপকেটৰ বিষৰ টেবলেট আৰু সোঁ পকেটৰ জাপানী পিচ্টলৰ স্পর্শত তাইৰ বুকুৰ ধপধপনি বাঢ়ি গ’ল।সি তাইক বুজাই দিয়া মতেই সকলো হ’ব এতিয়া।অনিৰূদ্ধ ফুকনৰ অফিচৰ পৰা ফোন কৰিয়েই নীলাক সি গোটেই আচনীখন কৈছিল।অলপ পাছতে বাৰটা বাজিব।

ভিতৰত হুৱা-দুৱা লাগিছে।অনিৰূদ্ধ ফুকন অচেতন হৈ পৰি গ’ল।মানু্বোৰে প্রথমতে নিচাতে পৰা বুলি ভাবিছিল।পিছত মুখেৰে ফেন ওলোৱা দেখিহে সম্বিত আহিল সকলোৰে।

তেনেতে নীলাই শুনিলে ভিতৰত কোনোবাই চিঞৰিছে, “ মিচেছ ফুকনক কোনোবাই গুলিয়াইছে”।

হৃদয়ে কান্দে সংগোপনে:

অপুর্ব, ডাঃ অপুর্ব শইকীয়া।ব্যস্ত চহৰখনৰ ব্যস্ত চিকিৎসক অপুর্ব।চিকিৎসক হিচাপে অপুর্ব যিমান বিখ্যাত তাতোকৈও বেছি বিখ্যাত কবি হিচাবেহে।দুখৰ নিশাৰ কবিতা লিখে সি। তাৰ এটা কবিতাত ধৰাসায়ী হৈ যায় যেন একোখন বলিয়া হৃদয়।কলেজীয়াদিনৰ পৰাই অপুর্ব কবি হিচাবে বিখ্যাত আছিল।তাৰ কবিতা পঢ়িয়েই কিমানে যে তাৰ বুকুলৈ নমাই আনিব খুজিছিল কত প্রেমৰ যোৱাৰ,তাৰ প্রেমত যেন বলিয়া হৈ পৰিব প্রতিজনী অসমীয়া গাভৰু!অতদিনে বিদেশত থকাৰ পাছত যোৱাবছৰ অপুর্ব নিজৰ চহৰখনলৈ উভটি আহিছে।বিদেশত থাকোতেও লিখাৰ অভ্যাস এৰি দিয়া নাছিল।ডাকতেই হওক বা ই-মেইল যোগেই হওক সি নিয়মীয়া ভাৱেই লিখা পঠাইছিল।সেইবাবেই হয়তো অপুর্ব শইকীয়া বুলিলেই কপি উঠে একোখন গাভৰু বুকু।

ক্রিং ক্রিং ক্রিং
হঠাতে টেলিফোনটোৰ মাতটোত চক কআই উঠিল অপুর্ব।উঠি গৈ ফোনটো ধৰিবলৈ এলাহ লাগি,তথাপি গ'ল।
......হেল্ল'
......অপুর্ব শইকীয়া নেকি বাৰু!মালবিকা বৰুৱা হিয়েৰ।
......আৰে মালা তুমি!ক'ত পালা মোৰ নম্বৰ!
......কিয়!চক খুৱাই দিলো নেকি?
......নহয় হে,পাঁচ বছৰৰ পাছত শুনিছো তোমাৰ মাত আজি।কেনেকৈনো চিনি পাম কোৱাচোন!
......কেনে আছা অপু?
......মোৰ ভালেই।ব্যস্ত হৈ পৰিলো বৰ বেছিকৈ।তোমাৰ কোৱা!
......মইয়ো আছো ভালে।অসমতেই সেই এনজিঅ'টোতেই লাগি আছো।
......হহহমমমম।ভাল লাগিল জানি।পিছে এদিন লগ হ'ব লাগিছিল নহয়!
......আহিবা।মোৰ অ'ফিচটো জানাই নহয়!আগৰ জেগাতেই আছে।থাকি গলো !
......নিশ্চয়। লগ হ'ম এদিন। আজিলৈ আহো দিয়া।বাই
......বাই..

আৰু বেছি কথা পতাৰ ইচ্ছা ন'গ'ল তাৰ।আচলতে সাহস ন'হ'ল।সেই মালবিকা,মালবিকা বৰুৱা,যাৰ বুকুৰ পৰা সি কাঢ়ি লৈ আনিছিল চাৰিটা বসন্তৰ দাগ!
.................
ফ্লেচবেক,২০০৭ চন
হোষ্টেলৰ ৰুমতে সোমাই আছে অপুর্ব।হঠাতে অপুর্বৰ নলে গলে লগা বন্ধু ৰনোজ সোমাই আহিল।আৰু আহিয়েই কথা নাই বতৰা নাই তাক ভাল ঢকা কেইটামান সোধালে।
......চাল্লা কুকুৰ,ৰুমত সোমাই আছ পার্টি দিয়াৰ ভয়ত।মোকতো ক'ব' পাৰিলি হয় লগে লগে!বেলেগৰ মুখত তোৰ খবৰ সুনিব লগা হ'ল আজি মই!
......ৰচোন ৰ।আহি পাইছোহিহে ক্লাচৰ পৰা।তোলেকে ৰৈ আছিলো ৰুমত।
......হয়নে!বাহানা মাৰিবলৈ মানুহ নাপালি আৰু!মালাই তোক য়েচ ক'ব আৰু মই বেলেগৰ মুখত সেই খবৰ শুনি আহিব লাগে?এইয়াই বন্ধুত্ব তোৰ!তাইৰ ফোন নম্বৰ গোটাই দিওঁতে,তাইৰ খবৰ আনি দিওঁতে খুউব বন্ধু বন্ধু বুলি লেন চেলাই আছিলি।হুহ!
......নহয় অ', তোক ন'কয়নো কাক কম!
......হ'ব হ'ব।পানীগাহৰি ক'ত খুৱাবি, কেতিয়া খুৱাবি?
......ব'ল ব'ল কিমান খাৱ খাই লবি অসুৰ।
..............................

"চাৰ,ব্রেকফাষ্ট হ'ল,আপুনি ৰেডি হোৱাই নাই দেখোন!" অপুর্বৰ কাম কৰা ল'ৰাটোৰ মাততহে সম্বিত ঘুৰি আহিল।তাক ব্রেকফাষ্ট টেবুলত দিবলৈ কৈ সি চিকিৎসালয়লৈ যাবলৈ সাজু হ'ল।
............................
সেই যে মালবিকা!খুউব কিতাপ পঢ়ি ভাল পায় তাই।আর্নেষ্ট হেমিংৱেৰ পৰা জ্যোতিপ্রসাদলৈকে।বাদ পৰি নাযায় একো।অপুর্ব কেতিয়াবা আচৰিত হৈ যায়। কেনেকৈ ইমান সময় উলিয়াই এই ছোৱালীজনীয়ে! নিজৰ বিভাগীয় কিতাপকেইকন পঢ়াৰ উপৰিও কত কি কাম কৰি নুফুৰে এই ছোৱালীজনীয়ে!বিৰক্তিও নজন্মা নহয় তাৰ কেতিয়াবা। তাৰ বাবে যেন কেতিয়াবা সময়েই নহ'ব তাইৰ।তেতিয়া খং উঠিলে তাইক কয় সি,
......তুমি আচলতে মোক ভাল পোৱানে নে এই জগতখনৰ সামাজিক কামবোৰ কৰি বেছি ভাল পোৱা?
.......আচলতে কি জানা অপু,সমাজখন আছে বাবেহে তোমাক ভাল পাব পাৰিলো।সমাজখনৰ পৰাই ভালপোৱা শিকিছো মই।
তাই কি কব বুজিব নোৱাৰে সি।খঙত গুচি যায়।আগুৰি ধৰে অভিমানে।পিছে কি হ'ব,তাইৰ সেই একাজলি মৰমত পমি যায় সি।

মালবিকা আৰু তাইৰ বান্ধবীকেইজনীমান লগ হৈ নতুনকৈ এনজিঅ' এটা খুলিছে,সপোন নামেৰে।সিহঁতৰ উদেশ্য ভিতৰুৱা গাওঁবিলাকত গৈ সহায় আগবঢ়াব,জনসংখ্যা বৃদ্ধিৰ কুফলৰ কথা ক'ব,জন্ম নিয়ন্ত্রণৰ কথা ক'ব, কণ্যা ভ্রুণ হত্যাৰ বিৰূদ্ধে আন্দোলন গঢ়ি তুলিব।আপুর্বকো তাই এই বিষয়ে কৈছে।সিহঁতৰ লগ হ'বলৈ কৈছে।পিছে অপুর্ব যে উচ্চাকাংক্ষী!সি যে এই ধুলি বালিত সোমাই থাকিবলৈ জন্ম হোৱা নাই।

মালবিকাৰ প্রিয় লেখিকা অনুৰাধা শর্মা পুজাৰী।তেওঁৰ লিখনিত যেন তাই নিজকে বিচাৰি পাই।নাহৰৰ নিৰিবিলি চাঁত তাই নিজকে বিচাৰি ফুৰে।হৃদয় এক বিজ্ঞাপন!তাই সদায় নিজৰ লগত লৈ ফুৰে এইখন কিতাপ।অপুর্বকো দিছিল পঢ়িবলৈ,সি পিছে সময়েই উলিয়াব পৰা নাই।
......অপু শুনানা। মোৰ এটা সপোন আছে,তুমি সহযোগ কৰিবানে?
......কোৱা মালা,মই আকৌ কিয় নকৰিম তোমাৰ সৈতে সহযোগ!
......তুমি মোক কথা দিয়া।
......দিছো বাৰু,কোৱাচোন এতিয়া।
......মই এটা সন্তান তুই ল'ব বিচাৰো আমাৰ বিয়াৰ পাছত।আমি নিজেই কেতিয়াও সন্তান জন্ম নিদিওঁ।সকলো মানুহেটো নিজে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱালেহে কোনোবা অনাথ আশ্রমলৈ গৈ তুলি লয় কোনোবা নিঠৰুৱা শিশুক!কিন্তু মই নিজেই সুষ্ঠভাবে এটি নিঠৰুৱা শিশু তুলি ল'ব বিচাৰো।অন্তত কোনো স্বার্থ নোহোৱাকৈ কাৰোবাৰ মুখত হাঁহি এটা ফুটাই তুলিব খোজো।
.......কি কৈ আছা এইবোৰ তুমি সোণ!বলিয়াৰ দৰে কি কথা কৈছা।
.......বলিয়া নহয় অপু,সচাঁকৈ কৈছো।এই বিষয়ত সিদ্ধান্ত লৈয়েই পেলাইছো মই,তুমি না ন'ক'বা প্লিজ!ইয়াৰ বাবে মই জৰায়ুৰ অপাৰেচন এটা কৰাম বুলি ভাবিছো,যাতে ভবিষ্যতলৈ সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিব পাৰো মই।তুমি মোক হতাশ নকৰিবা অপু।

স্তব্ধ হৈ গৈছিল অপুর্ব তাইৰ কথা শুনি।একো কথাই ভাবিব পৰা নাছিল সি দুদিনমানলৈ।তাইকো লগ কৰা নাছিল।আৰু শেষত সি সিদ্ধান্ত লৈ পেলাইছিল,গুচি যাব সি,বহুত দুৰলৈ গুচি যাব।নাই নোৱাৰে সি মালাৰ দৰে হ'ব।তাৰ ওপৰত আশা আছে তাৰ মাক-দেউতাকৰ।সি আৰু উভতি নাহে! তাৰ ৰিজাল্ট দিয়াৰ দিনা ৰাতিয়েই সি গুচি গৈছিল বিদেশলৈ উচ্চ শিক্ষাৰ বাবে।যোৱাৰ সময়ত মালালৈ ফোন এটা কৰিবলৈও সাহস নহ'ল তাৰ।
..................................................
বহুত কান্দিলে মালাই।বহুনিশা উজাগৰে পাৰ হ'ল।তাৰ খবৰ বিচাৰি নাপালে তাই।তাৰ ঘৰলৈ ফোন কৰিলেও ফোন কাটি দিয়ে,তাই গ'লেও তাইক বেয়াকৈ কৈ পঠাই দিয়ে।

আৰু লাহে লাহে ব্যস্ত হৈ পৰিল জীৱন।মালবিকাহঁতৰ এনজিঅ'টো এতিয়া অসমৰ ভিতৰতে লেখত লবলগীয়া হৈ পৰিছে।যোৱাবছৰ চৰকাৰে দহ লাখটকীয়া সাহায্য আগবঢ়াইছে।এই যুৱ স্বাস্থ্যমন্ত্রীজনে সিহঁতক বহুত সহায় কৰি দিছে।ভাল মানুহ,কাম কৰি ভাল পায় তেওঁ।মালা আচলতে প্রেমত পৰি গৈছে সেই যুৱমন্ত্রীজনৰ।সিদিনা হঠাতে তেওঁ মালাক ক'লে,
.......তোমালোকে যে এইবিলাক কাম কৰি আছা সচাঁকৈয়ে তোমালোকক লৈ গর্ব কৰিবলে মন যায়।মোৰ দেউতা এজন হোজা খেতিয়ক আছিল।তেৱেঁই মোক সৰুতে কৈছিল,"বাচা যিমান ওপৰলৈ যাবিসিমান তললৈ চাবি,তেতিয়াহে তলৰপৰাও তোক কোনোবাই চাব।নহ'লে যিদিনা তললৈ পৰিবি,তোক তেতিয়া বচাবৰ কাৰণে তলত কোনোৱেই নাথাকিব।"
......সচাকৈয়ে চাৰ।মানুহে কেতিয়াও নিজকে পাহৰি চলিব নালাগে।তেওঁৰ অতীতটোক পাহৰি যোৱা মানেই নিজকে পাহৰি যোৱা।
......দেউতা নাই এতিয়া,কিন্তু তেও কোৱা প্রত্যেকটো বাক্যইহে আজি মোক ইমানদুৰ আগবঢ়াই আনিব পাৰিছে।
......আপুনি সচাকৈয়ে বৰ ভাল মানুহ চাৰ।অন্তত এইখন অসমত আপোনাৰ দৰে মানুহৰ খুবেই প্রয়োজন এতিয়া।
......জানা মালা,মানুহে মোক সোধে মই কিয় বিয়া পতা নাই!মোৰ জীৱনত অতীতৰ বিৰহ সোমাই আছে নেকি!কিন্তু সেইবোৰ আচলতে একোৱেই নহয়।মইয়ো বিচাৰো বিয়া পাতিব,মোৰো ইচ্ছা মাৰ কাৰণে ভাল বোৱাৰী এজনী অনাৰ।কিন্তু মোৰ এটা চর্ত আছে,মই কোনো সন্তান জন্ম দিব নোখোজো।কোনো অনাথ আশ্রম নাইবা কোনো নর্দমাত পৰি থকা শিশু এটি বুটলি আনি তুলি ল'ব খোজো মই।কিন্তু এনেবোৰ কথাত আজিৰ যুগত কোনে সহযোগ কৰিব মোক!কোন ছোৱালী আগবাঢ়ি আহিব!
উচপ খাই উঠিছিল মালা।যেন হাঁহাকাৰ কৰি উঠিছিল আগৰ মালবিকাজনীয়ে।মালা প্রেমত পৰি গৈছিল,মালবিকা বৰুৱা আকৌ এবাৰ প্রেমত পৰিছিল।
..........................
অপুর্ব আজিকালি বৰ দুখমনেৰে থাকে।চিকিৎসালয় যায়,মাজে মাজে কেতিয়াবা কবিতা লিকে।কিন্তু দুখবোৰ জানো এনেকৈ পাতলে!নিশা মদ খালে!কাৰ সতে মনৰ দুখবোৰ ভগাই ল'ব!কোনে তাৰ দুখ বুজি তাক আকোৱালি ল'ব!নিজৰ জীৱনটোকেই ধিয়াই সি আজিকালি।বস্তুবাদী সমাজ এখনৰ লোভত সি কি পাবলৈ গৈ কি হেৰুৱালে!
সি বিদেশত পঢ়িবলৈ যোৱাৰ চাৰিবছৰমানৰ পাছৰ ঘটনা।পঢ়া শেষ কৰি সি তাতেই নতুনকৈ চাকৰিত সোমাইছে।এদিন সি আৰু তাৰ চাইবেৰিয়াৰ বন্ধু য়ুৰি একেলগে গাড়ী লৈ ফুৰিবলৈ ওলাই গৈছিল।গৰমৰ দিনৰ সাগৰৰ পাৰৰ অপৰূপ দৃশ্য।গাড়ী চলাইছিল য়ুৰিয়ে।ডেনমার্কৰ বিখ্যাত বিয়েৰ দুয়োৰে হাতে হাতে।য়ুৰিয়ে তাক কৈ গৈছিল সাগৰৰ পাৰতেই কেনেকৈ গোটেই জীৱন কটাইছে।তাৰ মাছুৱৈ দেউতাকৰ কথা।সাগৰৰ বুকুতে কেনেকৈ সি নিজৰ মাক-দেউতাকক হেৰুৱাইছিল সেই কথা।
আৰু ঠিক সেই সময়তেই ঘটি গৈছিল ঘটনাটো।সমুখৰ পৰা আহি থকা ট্রাক এখনৰ খুন্দাত চুর্ণ-বিচুর্ণ হৈ গৈছিল সিহঁতৰ সৰু গাড়ীখন।দুদিনৰ পাছত চিকিৎসালয়ৰ বিচনাত অপুর্বৰ সংজ্ঞা ঘুৰি আহিছিল।উঠিয়েই সি য়ুৰিক চাব বিচাৰিছিল।কিন্তু য়ুৰি যে নাই!য়ুৰি গুচি গৈছিল তাৰ মাক দেউতাকৰ কাষলৈ।
আৰু অপুর্ব!তাৰ পৃথিৱীখনযে হেৰাই গৈছিল।ডাঃডেভিদে যেতিয়া ক'লে সেই সর্বনাশী কথাটো,কেনেকৈ বিয়েৰৰ বটলৰ ভঙা টুকুৰাই চিঙি পেলাইছিল ডাঃ অপুর্বৰ গুপ্তাংগ!সি যে কোনোদিনেই সন্তান জন্ম দিবলে সক্ষম ন'হ'ব।আপুর্বৰ আকাশ ভাগি গৈছিল।মনত পৰিছিল মালবিকালৈ।পগলা হৈ পৰিছিল সি।আৰু তাৰ এবছৰৰ পাছতেই ঘৰলৈ ঘুৰি আহিছিল সি।চহৰৰ এখন নামজ্বলা চিকিৎসালয়ে কিনি লৈছিল তাক বহু পইচা দি।তেতিয়াৰে পৰা সি এইখন চিকিৎসালয়তে কাম কৰি আছে।সি জানে মালবিকাৰ অ'ফিচটো ক'ত।তাৰ চিকিৎসালয়লৈ যাওঁতেই বাটতে পাই যায়।সদায় চায় সি,কিজানিবা তাইক পায়েই দেখা!নাই,তাৰ তেনে কোনো সৌভাগ্য হোৱা নাই।আজি তাইৰ ফোনটো পাইএ তাৰ মনটো ভাল লাগিছে।তাই যে অন্তত তাক পাহৰি পেলোৱা নাই।

সি থিৰাং কৰিলে সি যাব।তাইক তাৰ জীৱনৰ সকলো দুখৰ কাহিনী খুলি ক'ব।তাই বাৰু তাক ক্ষমা কৰি দিব পাৰিবনে!দিবনে তাই!

Thursday, August 9, 2012

সপোনৰ ৰং


মাত্র ৩২ টকা l তাৰেই ১১ টকা আকৌ শাক-পাচলীৰ বেপাৰীটো আৰু মাংস বিক্রি কৰা কছাইটোৰ পৰা জোৰ কৰি দাম কমাওঁতে থাকি যোৱা l মৰমীয়ে আকৌ এবাৰ হিচাপ কৰি চালে ভঙনীয়াবোৰ l ৩২ টকাই l কি কৰিব তাই ভাবি পোৱা নাই l কাইলৈ যে বিহু.ব'হাগৰ প্রথমটো দিন l 
অসমীয়াৰ বুকুৰ আপোন ব'হাগ l কিন্তু মৰমীহতৰ দৰে মানুহবোৰৰ বাবে জীৱনটো কিছুমান হুমুনীয়াহ আৰু উচুপনিৰ বাহিৰে যেন একোৱেই নহয় l নিজৰ বুলিবলৈ আচলতে সিহঁতৰ আছেনো কি !কিনকিনিয়া বৰষুণতো চৰিয়া পাতিব লগা হোৱা ঘৰ বুলিবলৈ জুপুৰি এটা l দুমাহ আগতেই অৰাবিপে লাইন কাটি দিয়াৰ পাছতো ওলমি থকা মিটাৰটোৱে যেন মৰমীকে চাই ভেঙুচালী কৰিহে আছে আৰু ক'লা মিটাৰটোত বগা ৰঙেৰে প্রথম দিনা লগাওতে যে লিখিছিল শ্রী অপুর্ব শইকীয়া বুলি,আখৰখিনি যেন লাহে লাহে ধূলিত পোত খাই গ'ল l ঠিক সিহঁতৰ সপোনবোৰৰ দৰেই l চকুহাল সেমেকী আহিল মৰমীৰ l আৰু ভাবিবলৈ অকনো ইচ্ছা নগ'ল তাইৰ l বেচেৰা অপুটোলৈ তাইৰ আজি বৰকৈ মনত পৰিছে l কাইলৈ বিহু অথচ সি কাম এৰি আহিবকে পৰা নাই l দুবেলা দুমুঠি খোৱাৰ আশাত সিহঁতবোৰে যেন সপোনবোৰ বিক্রি কৰি ফুৰিছে অনবৰতে l 
মৰমীয়ে চকুপানীখিনি মচি বেৰত ওলমি থকা আর্চিখনত নিজকে অলপ চাই মুৰটো ফনিয়াই ল'লে l কাষৰ খিৰিকিখনেৱে জুমি চাওঁতে দেখিলে সিহঁতৰ মৰমৰ বগী গাইজনি আহিলেই ঘৰলে ঘুৰি l পিয়াহ লাগিচে ছাগৈ গৰমত তাইৰ!
বগীক পানী অলপ খুৱাই তাই আকৌ শোৱণি কোঠা পালেহি l আজি গৰুবিহুৰ দিনাও বগীক নতুন গামোছা এখনেৰে গা টুকী দিব নোৱাৰাৰ দুখটোৱে খুন্দা মাৰি ধৰিলে তাইক l যোৱাবছৰৰখনেই আজিও ব্যৱহৃত হ'ল l কিন্তু অপুক কি দিব কাইলৈ তাই!তাইৰ মৰমৰ অপু!বহুত সপোন দেখিছিল দুয়োটাই l সপোনৰ দিকচৌ বনত অপু গদাপানী আৰু তাই যেন জয়মতী!অপুর্বই খুউব ধুনীয়া ঢোল বজাই l তাৰ ঢোলৰ চেৱত যে তাহানি কেইজনী ছোৱালীৰ ককাল নাভাগিছিল l ৰজাবাৰীৰ দৰে অখ্যাত গাঁও এখনত অপু আছিল ঢোলৰ যাদুকৰ আৰু তাই নিজে!অপুৰ চকুৰ মণি আছিল তাই l তাই নাচিলে পাহৰি গৈছিল অপুৱে ঢোলত চাব মাৰিবলৈ l প্রেমৰ যেন আৰম্ভণি হৈছিল এনেকৈয়ে আৰু শেষত ঘৰৰ সকলোৰে আশীর্বাদ লৈ সংসাৰ সাগৰত নাওঁ মেলিছিল দুয়ো।
ঢোল বজোৱাতো অপুর্বৰ নিচা আছিল।পিছে কি হ'ব!যোৱাবছৰৰ বিহুৰ পাছতেই ঢোলটো ধোৱাচাংত যি উঠালে উঠোৱাতেই থাকিল আৰু।মৰমীৰ কেচখেচনিতএ সি পৰহি গৈ চোৰাবলৈ দি থৈ আহিচেগৈ।সিহঁতৰ গাঁৱৰ বিহুত অপুর্বৰ ঢোল নাবাজিব,এনে দিন জানো মৰমীয়ে চাই থাকিব পাৰে!
মৰমীৰ এনেই মনটো ভাল লাগি গ'ল।আলমাৰিটো খুলি তাই বিয়াৰ সময়ত ঘৰৰ পৰা দিবা পাটৰ কাপোৰসাঁজযোৰ গাত মেৰিয়াই ল'লে।যেন পখিলি হৈ পৰিল তাই!উলাহতে উৰি উৰি নাচি ফুৰিল।হঠাতে দর্জাখনত কোনোবাই ঢকিয়াই দিয়াতহে তাই সম্বিত ঘুৰাই পালে।অনু খুড়ী আহিছে।হঠতে যেন তাইৰ কিবা এটা মনত পৰিল।
"অনু খুড়ী, এইসাজ কাপোৰ যদি মই বিক্রি কৰি দিও কিমানমান দাম পাম বাৰু!"
"ইমান ধুনিয়া কাপোৰজোৰ কেলেইনো বিক্রি কৰ!তাতকৈ মোকেই দি দে.যি পইচা লাগে লই যাবিহি।"
মৰমীয়ে ভালেই পালে।কাপোৰজোৰ আবেলিলৈ দি আহিমগৈ বুলি অনু খুড়ীক বিদাই দিলে তেতিয়ালৈ।
মনটোলৈ যেন এতিয়াহে শান্তি ঘুৰি আহিল তাইৰ।শেষবাৰৰ বাবে কাপোৰযোৰ এবাৰ পিন্ধি চালে তাই।আবেলিলৈ বজাৰলৈও যাব লাগিব।অপুর্বৰ ঢোলটোত মেৰিয়াবলৈ মুগাৰ গামোছা এখন কিনিব এইবাৰ তাই।অনুখুড়ীয়ে তাইক ৫০০ টকা দিব বুলি কৈ থৈ গৈছে।পাবনে বাৰু মুগাৰ গামোছাখন ৫০০ টকাত!তাই আবেলিলৈ ন'ৰ'লেই.অলপ পাছতেই আনু খুড়ীৰ ঘৰ পালেগৈ।অনু খুড়ীয়েও চাহ অকন খাই যাবলৈ কৈছিল তাইক।পিছে তাইৰ হাতত জানো চাহ খাবলৈ সময় আছিল তেতিয়া!একেটা উশাহতে যেন বজাৰ পাবগৈ
তাইৰ হাতত এতিয়া মুঠতে ৫৩২ টকা।গামোছাৰ বঙলুৱা বেপাৰীটোৰ লগত এঘন্টামান লাগি লাগি ৫৩০ টকাত কোনোমতে আনিলেগৈ তাই গামোছাখন।
লৰালৰিকৈ তাই ঘৰ পালেহি।গামোছাখন বিচনাৰ গাৰুটোৰ তলত লাহেকৈ লুকুৱাই থ'লে।ৰাতি শোৱাৰ সময়ত তাক দিব।আচৰিত হৈ যাব সি।তাৰ মৰম লগা মুখখনলৈ মনত পৰি এনেই কিবা এটা ভাল লাগি গ'ল মৰমীৰ।কাপোৰযোৰ সলাই তাই অপুর্বলৈ বুলি চিৰা কেইটামান ধুবলৈ ধৰিলে।সি আক এৱা গাখীৰৰ লগতহে চিৰা খাই ভাল পাই।দৈ বেয়া পাই সি।
ঠিক সাতটামান বজাতে অপুর্ব পালেহি।আই পায়েই তাৰ মুখত মিচিক মাচাক এক দুষ্টালীৰ হাঁহি।সি তাইক গবা মাৰি ধৰি টুপুক্কে চুমা এটা খালে।যেন এৰিয়েই নিদিব তাই আজি সি।আৰু লাহেকৈ সুধিলে 
"সোণজনী কি লাগিব তোমাক বিহুত!"
"তুমি যি দিবা তাতেই মোৰ সন্তুষ্টি!"তাই লাহেকৈ ক'লে।
অপুর্বইও কিছু সময় চিন্তা কৰাৰ নিচিনা কৰি মোনাটোৰ পৰা সৰু টোপোলা এটা উলিয়াই আনিলে।টোপোলাটো খুলি সি তাৱ পৰা লাহেকৈ মাখন বৰণীয়া ব্লাউজ এটা উলিয়াই আনিলে।
"তোমাৰ পাটৰ ব্লাউজটোযে যোৱাবছৰ নিগনিয়ে কুটি শেষ কৰি দিছিলে,এইবাৰ সেইকাৰণে এইটো মই লৈ আহিছো.তোমাৰ পাটৰ কাপোৰযোৰৰ লগত ধুনীয়াকে মিলিব।"
মৰমীৰ মুৰত যেন আকাশী সৰগখনহে ভাগি পৰিল!তাই আৰু কান্দোন ধৰি ৰাখিব নোৱাৰিলে।বহুদেৰি উচুপি থাকিল তাই।অপুৰ্বই বহুদেৰী সোধাৰ পাছতহে তাই গোটেই কথাবোৰ ক'লে।কেনেকৈ অনুখুড়ীক তাই মৰমৰ পাটৰ সাজযোৰ বিক্রি কৰি মুগাৰ গামোছাখন আনিলেগে,তাৰ মৰমৰ ঢোলটোৰ বাবে!অপুৰ যেন কথাবোৰ সুনি মুৰটো কিবা ঘুৰাই যোৱাৰ নিচিনা লাগিল।সিযে তাৰ মৰমৰ ঢোলটো বিক্রি কৰিহে মৰমীলৈ পাটকাপোৰৰ এই ব্লাউজটো কিনি আনিছে!কেনেকৈ ক'ব সি তাইক!তাই যে কান্দি কান্দি ভাগৰি পৰিব।
বিধাতাৰ কিছুমান অস্বাভাবিক সিদ্ধান্তত ধ্বংস হৈ যায় নেকি সিহঁতৰ সপোন!
সি লাহেকৈ তাইক ক'লে,
"সোণজনি,এইবাৰ আমি ইটোৱে সিটোক বিহুৱান নিদিও দিয়া।এখন বিহুৱানেটো আমাৰ প্রেমক বাধা দি ৰাখিব নোৱাৰে।আমাৰ অলপ অৱস্থাটো ভাল হৈ লওক দিয়া।
মই তোমালৈ ব্লাউজটো কিনিবলৈ ঢোলটো বিক্রি কৰি দিলো আৰু তুমি ঢোলটোৰ বাবে গামোচাখন কিনিবলৈ কাপোৰযোৰ বিক্রি কৰি দিলা।যেন আমি ইটো সিটোৰ পৰিপূৰকহে!"

সচাঁকৈ বৰ আচৰিত এই জীৱন!বিহুৱান বুলি দুয়ো দুয়োকে যেন দুপাহি' প্রেমৰ ফুলহে উপহাৰ দিলে।ব'হাগ যে প্রেমৰ প্রতীক আকৌ এবাৰ যেন প্রমাণিত হৈ গ'ল।দুয়ো নিজৰ প্রিয় বস্তু দুটা ত্যাগ কৰিও জীয়াই থাকিল এজাক সপোনৰ মাজত,প্রেমিকৰ দৰে.

(স্বনামধন্য চুটিগল্প লেখক "অ হেনৰী"ৰ বিখ্যাত গল্প "মাগি"ৰ অসমীয়া ভাবানুবাদ)